ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2025 12:25 PM | mangaldoi programe

printer

মঙলদৈৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ কাৰ্যসূচীৰ আয়োজন

মঙলদৈৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত কাইলৈ চহৰখনৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ নামৰ এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, মঙলদৈৰ আন এটা অগ্রনী সংগঠন ইউনাইটেড ক্লাবৰ প্রযোজনাত ক্রাউড ফাণ্ডিঙৰ জৰিয়তে ১৯৭১ চনত অৰণ্য নামৰ ছবিখন নিৰ্মাণ কৰা হৈছিল। এই ছবিখনৰ মুক্তিৰ ৫৪ বছৰ পূর্তি উপলক্ষে কাইলৈ চহৰখনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছবিৰ মাজেৰে ৫৪ বছৰ পূৰ্বে গোলকীয় উষ্ণতাৰ বাৰ্তা দিয়া এই ব্যতিক্রমধৰ্মী ছবিখনৰ স্মৃতি সজীৱ কৰি ৰখাৰ লক্ষ্যৰে কাইলৈ আয়োজন কৰিবলৈ লোৱা অনুষ্ঠানত গোলকীয় উষ্ণতা সম্পর্কে বক্তব্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত ছবিখনৰ পৰিচালক প্ৰয়াত সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সোঁৱৰণত প্ৰকাশ পাবলগীয়া ডাক টিকট উন্মোচন কৰিব বিশিষ্ট নাট্যকাৰ তথা পৰিচালক নয়ন প্ৰসাদে। অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা গল্পকাৰ তপন দাস উপস্থিত থাকিব। ছবিখনৰ প্রযোজনাৰ সৈতে জড়িত কলা-কুশলীসকলেও এই অনুষ্ঠানত ছবিখন সন্দৰ্ভত স্মৃতি ৰোমন্থন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।