মঙলদৈৰ জিলা পুথিভঁৰালত কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীৰ্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্রই এই কাৰ্যসূচী গ্ৰহণ কৰে। জিলাখনৰ মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষার্থীকে ধৰি তিনি শতাধিক যুৱক-যুৱতীয়ে এই কাৰ্যসূচীত অংশ লয়। অসম দক্ষতা বিশ্ববিদ্যালয় আৰু গ্ৰামীন আত্মসংস্থাপন প্রশিক্ষণ প্রতিষ্ঠানৰ লগতে দেশৰ কেইবাটাও আগশাৰীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ বিষয়ববীয়াই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যুৱক-যুৱতীসকলে শিক্ষাগত অৰ্হতা, আগ্ৰহ, বয়স আদিৰ ভিত্তিত কিদৰে বৃত্তি নিৰ্বাচন কৰিব লাগে সেই সন্দৰ্ভত অনুষ্ঠানটোত সমল ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।