ডাউনলোড
মোবাইল এপ

android apple
signal

July 29, 2025 9:27 PM | manash tiger

printer

মানস ৰাষ্ট্ৰীয় উদ্যানত আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন

মানস ৰাষ্ট্ৰীয় উদ্যানত আজি আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘৰ সংখ্যা বিগত বৰ্ষত ৬০ টালৈ বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়। লগতে উদ্যানখনত স্বচ্ছতা, নিয়মানুৱৰ্তিতা, সংৰক্ষণ আদি দিশত উৎকৃষ্ট নিদর্শন দেখুওৱা বিভিন্ন বন শিবিৰক সন্মানিত কৰা হয়। আজিৰ কাৰ্যসূচীত উদ্যান কর্তৃপক্ষই লগতে ৫ শতাধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তর্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। ওৰাং ব্যাঘ্ৰ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক তথা মঙলদৈ বন্যপ্রাণী সংমণ্ডল বিষয়া প্রদীপ্ত বৰুৱাই উপস্থিত ৰাইজৰ মাজত এই বিষয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে ।

অধিক পঢ়ক

সকলো চাওক