বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষত ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্ৰহত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিগত ৮ মাহত এই ৰাজহ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত উদ্যানখনলৈ ৬৪ হাজাৰ ৪৬৩ গৰাকী পৰ্যটকৰ আগমন ঘটে। ইয়াৰ ভিতৰত ৩ হেজাৰ ৭১৯ গৰাকী বিদেশী পৰ্যটক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম বুলি উল্লেখ কৰি শ্ৰীবড়োৱে উদ্যানখনত জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যানখনে এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে। ২০২৩-২৪ পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ১ কোটি ৩০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল বুলি উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে।
Site Admin | June 7, 2025 7:54 PM | Manah national park
মানস ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২৫ পর্যটন বর্ষত ১ কোটি ৫৮ লাখ টকাৰ ৰাজহ সংগ্ৰহ