September 6, 2024 1:22 PM | Manah national park

printer

অহা পহিলা অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি

পৰ্যটকৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক তথা মুখ্য বন সংৰক্ষণক ড° চি ৰমেশে এই কথা প্রকাশ কৰিছে। উল্লেখযোগ্য যে বাৰিষাৰ বাবে চলিত বৰ্ষৰ যোৱা ৫ জুনৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছিল।