ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 6, 2024 7:03 PM | Mamata Benarjee

printer

বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি মমতা বেনাৰ্জীৰ বিজেপিক তীব্র সমালোচনা

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি বিজেপিক তীব্র সমালোচনা কৰে। ৰায়গঞ্জ সংসদীয় সমষ্টিত নির্বাচনী প্ৰচাৰত আজি ভাষণ দি তেওঁ কয় যে, বিজেপিয়ে কেন্দ্ৰীয় সংস্থাৰ সহায় লৈ হেমন্ত চোৰেণ আৰু অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰোৱায়। এন আই এৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্যে প্রণোদিত বুলি শ্রীমতী বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰে। ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ড° সুকান্তো মজুমদাৰে কয় যে, পশ্চিমবংগৰ আইন শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু যদি এতিয়া ব্যৱস্থা গ্ৰহণ নকৰে পশ্চিমবংগ, আফগানিস্তানৰ লেখীয়া হৈ পৰিব। বিধানসভাৰ বিৰোধী নেতা সুৱেন্দ্ৰ অধিকাৰীয়ে ছ’চিয়েল মিডিয়া যোগে, মমতা বেনাৰ্জীয়ে কেন্দ্রীয় সংস্থাৰ বিৰুদ্ধে মানুহক উচতনি দিয়া বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে, শেহতীয়াকৈ কোচবিহাৰৰ মাথাভাংগাত ৰাজনৈতিক প্ৰচাৰত বেনাৰ্জীয়ে সাধাৰণ মানুহক এন আই এ’ৰ বিৰুদ্ধে উচতনি দিছিল। তৃণমূল কংগ্ৰেছৰ মুখপাত্র কুনাল ঘোষে অৱশ্যে এন আই এৰ ওপৰত হোৱা আক্ৰমণ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।