November 1, 2025 12:30 PM | Malissa

printer

মেলিছা ঘূর্ণীবতাহৰ ফলত জামাইকাত কমেও ১৯ জন লোকৰ মৃত্যু

জামাইকাত মেলিছা নামৰ ঘূর্ণীবতাহৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। জামাইকাৰ তথ্য মন্ত্ৰী ডানা মৰিছ ডিকছনে জনোৱা মতে ঘূর্ণীবতাহত বেয়াকৈ ক্ষতিগ্রস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। বহু অঞ্চল সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাৰ লগতে অধিক সংখ্যক দ্বীপতে বিদ্যুৎ কর্তন হৈছে। জনসাধাৰণে বান আৰু বোকাৰ পৰা তেওঁলোকৰ ঘৰসমূহ বচোৱাৰ বাবে চেষ্টা কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি হাজাৰ হাজাৰ লোকে সাহায্যৰ অপেক্ষাত আছে। দেশখনৰ অধিকাংশ অঞ্চলত খোৱাপানীৰ সমস্যা হোৱাৰ উপৰি খাদ্য সামগ্রীও নাটনি হৈ আহিছে বুলিও তেওঁ কয়। জামাইকাৰ ৰাজধানী কিংস্তোনৰ মূল বন্দৰৰ পৰা সঘনে সাহায্য সামগ্রী প্ৰেৰণ কৰি থকা হৈছে। এই ঘূর্ণীবতাহৰ ফলত হাইটিত কমেও ৩০ জন লোকৰ মৃত্যু হোৱা বুলি কর্তৃপক্ষই প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।