ভাৰতে ঘূর্ণী বতাহ মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ মানৱীয় সাহায্য প্রদান কৰিছে। নতুন দিল্লীৰ পৰা আজি প্রায় ২০ টন সাহায্য সামগ্রী দেশ দুখনলৈ মানৱীয় সাহায্য আৰু দুর্যোগ সাহায্য সামগ্রী হিচাপে প্ৰেৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বার্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দিছে যে, ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন বিমানে ঔষধ, চিকিৎসা সঁজুলি, জেনেৰেটৰ, খাদ্য আৰু দৈনন্দিন ব্যৱহৃত সামগ্রী আদিকে ধৰি ভালেমান সাহায্য সামগ্রী দেশ দুখনলৈ প্ৰেৰণ কৰিছে। তেওঁ কয়, যে ভাৰতে গ্ল‘বেল ছডিথৰ সহযোগী ৰাষ্ট্ৰ হিচাপে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত বন্ধুত্বমূলকভাৱে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে দেশ দুখনলৈ এই সামগ্রী প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত অহা ঘূর্ণী বতাহ মেলিছাৰ ফলত জামাইকাত এতিয়ালৈকে ১৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ঘূর্ণী বতাহৰ ফলত কিউবাৰ উত্তৰ-পূৱ প্ৰান্তত ৭ লাখ ৩৫ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে।
Site Admin | November 4, 2025 7:58 PM | malisa
মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ ভাৰতৰ সাহায্য প্রদান