January 25, 2025 12:25 PM | majuli workshop bee

printer

মাজুলীৰ গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত বৈজ্ঞানিকভাৱে মৌ পালনৰ প্ৰশিক্ষণ

মাজুলী কৃষি বিভাগৰ উদ্যোগত উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান আঁচনিৰ অধীনত গড়মূৰৰ সৰুসত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ বৈজ্ঞানিকভাৱে মৌ পালনৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ কালি প্ৰথম দিনা অতিৰিক্ত জিলা আয়ুক্ত, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে। কর্মশালাত কেইবাজনো অভিজ্ঞ মৌ-পালক আৰু আগ্ৰহী কৃষকে অংশগ্রহণ কৰিছে।