August 21, 2024 8:44 PM | majuli sanyog mela

printer

মাজুলী জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত কমলাবাৰী মিলন সংঘত সংযোগ মেলা

মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত ১০০-দিনীয়া বিশেষ সজাগতা অভিযানৰ অংশ হিচাপে পঞ্জীয়ন সপ্তাহৰ সৈতে সংগতি ৰাখি মাজুলী জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা কমলাবাৰী মিলন সংঘত সংযোগ মেলা অনুষ্ঠিত হৈছে। এই মেলা জিলাখনৰ আয়ুক্ত কাবেৰী বি শৰ্মাই শুভাৰম্ভ কৰে। সবল নাৰী সুৰক্ষিত ৰাষ্ট্ৰক বিষয় হিচাপে লৈ আয়োজিত এই কাৰ্যসূচীত আঠখন বিপণী মুকলি কৰা হৈছে। বিপণীসমূহৰ দ্বাৰা মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে কি কি আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা জনসাধাৰণ কিদৰে উপকৃত হ’ব সেই বিষয়ে আলোকপাত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।