মাজুলী জিলা সাংবাদিক সন্থাৰ দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান

মাজুলী জিলা সাংবাদিক সন্থাৰ দ্বাৰা প্ৰৱৰ্তিত দত্তদেৱ গোস্বামী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে আবেদন আহ্বান কৰা হৈছে। অসমভিত্তিক এই বঁটাৰ বাবে আগ্রহী সাংবাদিকসকলে ২০২৪ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত মানসম্পন্ন বুলি গণ্য কৰা ৩ টা বাতৰিৰ মূল কপিসহ ৩টাকৈ মুঠ ৯ টা প্রতিলিপি গাঁঠি দিব লাগিব। ৰাজ্যৰ কলা-সংস্কৃতিৰ লগতে মাজুলীৰ কলা-সংস্কৃতিক প্রাধান্য দি আর্থসামাজিক দিশ প্ৰতিফলিত হোৱাকৈ প্ৰকাশিত সংবাদক প্রাধান্য দিয়া হ’ব। আবেদনকাৰী সাংবাদিকসকল কোনো সাংবাদিক সংগঠনৰ সৈতে জড়িত থকাৰ লগতে কোনো কাকতৰ জৰিয়তে সংবাদ পৰিৱেশন কৰিছে তাৰ উল্লেখ আৰু কাকতগোষ্ঠীৰ পৰিচয় পত্রপ্রাপক হ’ব লাগিব। আবেদনসমূহ অহা ৩১ জানুৱাৰীৰ ভিতৰত ডিম্বেশ্বৰ দত্ত, সম্পাদক, মাজুলী জিলা সাংবাদিক সন্থা, মাজুলী ৰোড, ডাকঘৰ- কমলাবাৰী-৭৮৫১০৬ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব। ২০০৬ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটাত এটা স্বৰ্ণপদক, গ্ৰন্থৰ টোপোলা, মানপত্র, অংগবস্ত্র আদি থাকিব আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ ভিতৰত এখন সভাৰ জৰিয়তে নির্বাচিত সাংবাদিকক বঁটা প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।