মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। ‘কিতাপ চাওক, কিতাপ লওক, কিতাপ পঢ়ক’ বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন প্রতিষ্ঠানে অংশ লৈছে। আজি পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোপীৰাম বৰগায়ন বুঢ়া ভকত আতাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে অসম সাহিত্য সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে গ্রন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
Assamese | April 7, 2025 11:07 AM | majuli college bookfair
মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা