ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহটকাৰে কালি ডিব্ৰুগড়ত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ বিভিন্ন অংশত বৃহৎ পৰিসৰত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে আৰু এয়া অতি উদ্বেগজনক বিষয়। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা আৰু শিশু সৰবৰাহ ৰোধ কৰাৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমতী ৰাহাটকাৰে এইক্ষেত্ৰত কাম কৰা সকলো অংশীদাৰীৰে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু সজাগতা থকা উচিত বুলি মন্তব্য কৰে। তেওঁ কয়, যে বেছিভাগ মানৱ সৰবৰাহৰ ঘটনা ৰে’লেৰে হয় আৰু সেই বাবে ৰে’লৱেত কৰ্মৰতসকলে এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে সংবাদমেলত অসমৰ চাহ জনগোষ্ঠী অঞ্চলৰ বিশেষকৈ চাহ বাগিচাত কৰ্মৰত মহিলাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয়, যে চাহ জনগোষ্ঠীৰ মহিলাসকলৰ আর্থিক সুৰক্ষা, ডিজিটেল সাক্ষৰতাৰ মানৰ লগতে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগে প্ৰচেষ্টা গ্রহণ কৰিছে। ডিব্ৰুগড়ৰ বহুকেইখন চাহ বাগিচাৰ মহিলাসকলক শিক্ষা, স্বাস্থ্য, বাল্য বিবাহ আদি দিশত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বাগিচাৰ লাইনসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
Site Admin | January 9, 2026 12:13 PM | mahila ayog
ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্রকাশ