ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ ঔষধ কোম্পানীত গেছ নির্গমনৰ ঘটনাত ৪জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ এটা ঔষধ কোম্পানীত কালি হোৱা গেছ নির্গমনৰ ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে মুম্বাইৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ নিলগত থকা মেডলী ফার্মা কোম্পানীত কালি দুপৰীয়া এই দুৰ্ঘটনা সংঘটিত হয়। দিনৰ আঢ়ৈৰ পৰা ৩ বজাৰ ভিতৰত কোম্পানীটোৰ এটা গোটত নাইট্ৰ’জেন গেছ নির্গমন হোৱাৰ ফলত তাত কৰ্মৰত কৰ্মচাৰীসকলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে বুলি পালঘৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী বিবেকানন্দ কাদামে জনায়। তেওঁ কয় যে ৬ জন কৰ্মচাৰীক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইয়াৰে ৪ জনৰ মৃত্যু হয়। দুজনৰ চিকিৎসা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে।