ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত ২১জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰত বিগত চাৰিদিনত বৰষুণ আৰু বানৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। মুম্বাই, থানে, পালঘৰ, কোকান আৰু ৰাজ্যখনৰ আন আন প্ৰান্তত ধাৰাষাৰ বৰষুণ অব্যাহত আছে। বানত নন্দেদ জিলাত ৮ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে মুম্বাইত ৩০০ মিলিমিটাৰ বৰষুণে অভিলেখ গঢ়িছে। ইতিমধ্যে মুম্বাই চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। বতৰ বিজ্ঞান বিভাগে বিদ্ধর্ব অঞ্চলত ৰেড এলাৰ্ড জাৰি কৰিছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুনে আৰু মুম্বাইৰ মাজৰ ৰে’লসমূহ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাতিল কৰা হৈছে। থানে আৰু ৰায়গঞ্জ জিলাত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে। পটন, জাউলী, মহাবালেশ্বৰ, ৱাই, ছাটাৰা, কৰ্ড তালুকাছ আদি অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহ আজি আৰু কাইলৈ বন্ধ ৰখা হ’ব। উল্লেখযোগ্য যে এই অঞ্চলসমূহত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলার্ট জাৰি কৰিছে। মিথি নদীয়ে বিপদসীমা অতিক্ৰম কৰাৰ পাছত ৩৫০ গৰাকী লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে। মদক সাগৰ বান্ধ ৯৮ শতাংশ ভৰ্তি হৈছে আৰু আজি ধাৰাষাৰ বৰষুণ দিলে বান্ধটোৰ পৰা বিপদ হ’ব পাৰে বুলি বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰিছে। ভৈতন নদীৰ কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক সাৱধান হ’বলৈও বিভাগে নির্দেশনা জাৰি কৰিছে। সকলো সংশ্লিষ্ট সংস্থাকে জনতাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।