February 8, 2025 12:39 PM | Mahakumbha

printer

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ মহাকুম্ভ মেলাত পেভেলিয়ন স্থাপন

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এটা পেভেলিয়ন স্থাপন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই পেভেলিয়নটোত চৰকাৰী বিভিন্ন আঁচনি আৰু সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা সজ্জিত এখন আদৰ্শ গাঁৱৰ আৰ্হি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদৰ্শিত এই আদৰ্শ গাঁৱৰ পেভেলিয়নত বিদ্যালয়, পঞ্চায়ত ঘৰ, অংগনৱাড়ী, স্থায়ী বাসগৃহ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিয়োগৰ সুবিধা আদি বিষয়ত আলোকপাত কৰা হৈছে। পেভেলিয়নৰ দায়িত্বত থকা বিষয়া ৰিয়া সিঙে আকাশবাণীৰ সংবাদদাতাৰ আগত কয়, যে এই প্রদর্শনীত গ্রামাঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰী সকলোবোৰ আঁচনি প্ৰদৰ্শনৰ দিহা কৰা হৈছে।