অসম চৰকাৰে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱনগাথা সমগ্ৰ দেশতে প্ৰচাৰৰ বাবে দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখনি গ্রন্থ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক লাচিত বৰফুকনৰ জীৱন সন্দৰ্ভত এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল। এই অনুসৰি প্ৰকাশন পৰিষদে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী স্বীকৃতিপ্রাপ্ত পুথিভঁৰালসমূহলৈ গ্ৰন্থখনৰ দুটাকৈ ক’পী প্ৰেৰণ কৰিছে। অসম প্ৰকাশন পৰিষদে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তক গ্ৰন্থখন ৰচনাৰ দায়িত্ব দিছিল। শ্রী দত্তই ৰচনা কৰা আছামছ্ ব্রেভহার্ট লাচিত বৰফুকন নামৰ মূল গ্ৰন্থখনৰ পৰা মুঠ ২৪ টা ভাষালৈ ইয়াক অনুবাদ কৰা হয়।
Site Admin | June 14, 2025 12:03 PM | mahabir lachit borphukan book
দেশৰ ৪৫ হাজাৰ পুথিভঁড়াললৈ ‘মহাবীৰ লাচিত বৰফুকন’ শীৰ্ষক গ্রন্থ প্ৰেৰণ ৰাজ্য চৰকাৰৰ