ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 6:53 PM | Mahabir Jayanti

printer

ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন

আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰ জন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মাৱলম্বী লোকসকললৈ ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী মোদীয়ে কয়, যে প্রভু মহাবীৰৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে। জৈন সম্প্ৰদায়ৰ লোকসকলে মহাবীৰৰ ৰচনাসমূহক সুন্দৰভাৱে সংৰক্ষিত কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ধৰ্মগুৰুগৰাকীৰ দৰ্শনসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

অসমতো জৈন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মগুৰুগৰাকীৰ জয়ন্তী উলহ-মালহেৰে পালন কৰিছে। মহাবীৰ জয়ন্তী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মহাবীৰৰ নৈতিক শিক্ষা আৰু আদৰ্শ স্মৰণেৰে জীৱনত আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে। ডিব্ৰুগড় জৈন সমাজৰ উদ্যোগত আজি নতুন বজাৰস্থিত জৈন মন্দিৰত ভগৱান মহাবীৰৰ জয়ন্তী ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যৰ শক্তি আৰু দক্ষতা বিকাশ মন্ত্রী প্রশান্ত ফুকন উপস্থিত থাকে। তেওঁ সততা আৰু ভাতৃত্ববোধেৰে ভগৱান মহাবীৰ জৈনৰ শান্তিৰ বাৰ্তা অহিংসা আৰু একতাই আমাক এখন সমৃদ্ধিশালী সমাজ গঢ়ি তোলাত সহায় কৰিছে বুলি মতপ্রকাশ কৰে। জয়ন্তীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় নগৰৰ মাজেৰে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।