আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰজন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয় ৷ অসমতো জৈন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মগুৰুগৰাকীৰ জয়ন্তী উলহ-মালহেৰে পালন কৰিছে। মহাবীৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মহাবীৰৰ নৈতিক শিক্ষা আৰু আদৰ্শ স্মৰণেৰে জীৱনত আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে।
Site Admin | April 10, 2025 11:51 AM | mahabeer jayanti
আজি মহাবীৰ জয়ন্তী; ৰাজ্যবাসীলৈ শুভেচ্ছা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
