November 4, 2025 7:47 PM | Assam Maghalya

printer

ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ সংবাদ মেল

উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ এখন সংগঠিত ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে আজি দিল্লীৰ কনষ্টিটিউছন ক্লাৱত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে একগোট হৈ আগবঢ়াৰ কথা বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে আঞ্চলিক, ৰাজনৈতিক একতা শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও জানিবলৈ দিয়ে। এই সংবাদমেলত ত্ৰিপুৰাৰ টিপৰা মোথাৰ অধ্যক্ষ প্রদ্যুত বিক্রম মানিক্য দেৱবাৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজনৈতিক শক্তি একগোট হৈ সমস্যাবোৰ উপস্থাপন কৰিলে ই ফলপ্রসূ হব বুলি মত প্রকাশ কৰে আৰু আজিৰ এই বৈঠক এই ক্ষেত্ৰত এটা আৰম্ভণি হৈছে বুলি তেওঁ মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ নতুন দিল্লীত ফলপ্রসূভাৱে উত্থাপন কৰাৰ বাবে সুনিয়োজিত কাৰ্যসূচীৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। আজিৰ এই আলোচনা নাগালেণ্ডৰ প্ৰাক্তন মন্ত্রী এম কিকন, অসমৰ ডিমা হাচাও জিলাৰ পিপলছ পার্টী অৱ আচামৰ নেতা ডেনিয়েল লাংথাছাকে ধৰি কেইবাগৰাকীও আঞ্চলিক ভাৱধাৰাৰ নেতাই অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।