কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আর্হিবে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা, জা-জলপান প্ৰস্তুত কৰিছে।
অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কালি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ সমীপৰ লক্ষ্মীধৰ বৰা ক্ষেত্ৰ, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাৰু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে।ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ পৰিলক্ষিত হৈছে।