ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 9, 2025 8:37 PM | Magh Bihu

printer

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত

অসমবাসীৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিগত দুদিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা শীতৰ প্ৰকোপকো নেওচি জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। একেদৰে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিৱাইছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে আটকধুনীয়াকৈ মেজি সজাও দেখা গৈছে। ভোগালী বিহুৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত আয়োজিত ভোগালী মেলাত বিভিন্ন থলুৱা খাদ্য, পিঠা-পনা, সান্দহগুড়িকে ধৰি নানান সামগ্ৰী মুকলি কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভাগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনি দিনীয়াকৈ অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ আয়ুক্ত ডাঃ নেহা যাদৱে এই মেলাৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত দিয়া ভাষণত আয়ুক্তগৰাকীয়ে গ্ৰাহকৰ চাহিদা অনুসৰি খাদ্য-সামগ্ৰী প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে ডিজিটেল মঞ্চসমূহত থলুৱা খাদ্য-সামগ্ৰীৰ চাহিদা আছে বুলি মন্তব্য কৰে। নগাঁও চহৰৰ কলঙৰ বাকৰিত নেহৰুবালিত আজি ভোগালী মেলা আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত আয়োজিত এই মেলাত কমেও ৩০ খন বিপণীয়ে অংশ লৈছে। পৰহিলৈ এই মেলাৰ সামৰণি পৰিব। মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত আজি শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ সৈতে লগ হৈ চুঙা পিঠা পুৰি পিঠাৰ জুতি লয়। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ প্ৰয়াস কৰোৱা হয় ।