October 3, 2025 12:16 PM | Madhypradesh

printer

ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত মধ্যপ্ৰদেশত ১০ গৰাকী লোকৰ মৃত্যু

মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ জামলি গাঁৱৰ এখন সৰু দলঙৰ পৰা এখন ট্ৰেক্টৰ নদীত পৰি যোৱাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন দি উভতি অহাৰ সময়তেই এই দূর্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰখনত মুঠ ১৪গৰাকী ভক্ত আছিল। নিশা বহু দেৰীলৈকে উদ্ধাৰ অভিযান অব্যাহত ৰখা হয়। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজেও ততপৰতাৰে উদ্ধাৰ অভিযানত জড়িত হৈ থাকে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুর্ঘটনাক কেন্দ্র কৰি গভীৰ শোক প্রকাশ কৰাৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আহতসকলৰ আশু আৰোগ্যৰ বাবে তেও ভগৱানক প্রার্থনা জনাই।প্রধানমন্ত্ৰী গৰাকীয়ে মৃতকৰ পৰিয়াললৈ দুই লাখ টকাৰ আৰ্থিক সাহায্যৰ লগতে আহতসকলৰ বাবে পঞ্চাশ হাজাৰ টকাকৈ ধন দিয়াৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছে, যে মৃতকৰ পৰিয়ালক চাৰি লাখ টকাৰ এক কালীন সাহায্য প্ৰদান কৰা হব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।