কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ‘মধুপুৰ মহোৎসৱ’

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সহযোগত কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈ সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামী এই আলোচনাচক্ৰখন উদ্বোধন কৰিব। অসমৰ লগতে ওড়িশা আৰু পশ্চিমবংগৰ ভালেসংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিকে এই আলোচনাচক্ৰত অংশ ল’ব। পৰহিলৈ ভাগৱত শোভাযাত্রা, পালনাম সমাৰোহৰ লগতে থিয়নাম অনুষ্ঠিত হ’ব। বিয়লি ভাগত হ’বলগীয়া মুকলি সভাত বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়াসত্ৰীয়া ড০ বাবুল দাসক অভিনন্দন জনোৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব। সন্ধিয়া যোৰহাটৰ নৃ-গোষ্ঠীয় সাংস্কৃতিক মঞ্চই সীতাহৰণ, বালিবধ ভাওনা প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।