ডাউনলোড
মোবাইল এপ

android apple
signal

August 1, 2025 11:17 AM | Macau Open

printer

মাকা’ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকা’ অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত কালি তৰুণ মন্নেপল্লিয়ে হংকঙৰ লি ছেউক য়ুক ১৯-২১, ২১-১৪, ২২- ২০ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তৰুণ আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হু ঝে এনৰ সন্মুখীন হ’ব। একেদৰে লক্ষ্য সেনে ইন্দোনেছিয়াৰ চিকো আৰা দ্বি ৱাৰৰ্ডোয়োক ২১-১৪, ১৪-২১, ২১-১৭ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ ঝু ঝে ঝুআনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইপিনে, পুৰুষৰ ডাবলছত ভাৰতৰ শীৰ্ষ বাছনিপ্রাপ্ত সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু ছিৰাগ চেট্টীৰ যুটীটোৱে জাপানৰ কাকেৰু কুমাগাই আৰু হিৰোকি নিশ্বিক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় যুটীটো আজি কোৱাৰ্টাৰ ফাইনেলত মালেয়েছিয়াৰ ছুং হোন জিয়ান আৰু মহম্মদ হায়কলৰ সন্মুখীন হ’ব।