ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 11:47 AM | Mann Ki Baat

printer

আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি

আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানে ইয়াৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ৩৪ কোটি টকাৰো অধিক ৰাজহ সৃষ্টি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে কালি ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰতিমাহে প্ৰচাৰ হোৱা মন কি বাতৰ  খণ্ডসমূহৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে শিক্ষা, স্বাস্থ্য, পৰিৱেশ, উদ্ভাৱন আৰু সমাজ সেৱাৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্বপূৰ্ণ সেৱা আগবঢে়াৱা নাগৰিকসকলৰ অনুপ্ৰেৰণামূলক কাহিনীসমূহৰ বিষয়ে প্ৰকাশ কৰে। আকাশবাণীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক নেটৱৰ্কৰ জৰিয়তে পোনপটীয়াভাৱে প্ৰচাৰিত এই অনুষ্ঠান বৃহৎ সংখ্যক শ্ৰোতাই শুনে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে এই অনুষ্ঠান দূৰদৰ্শনৰ বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলতো সম্প্ৰচাৰ কৰা হয়। তেওঁ কয়, যে ইউটিউব আৰু অটিটিকে ধৰি ডিজিটেল প্লেটফৰ্মত প্ৰচাৰৰ জৰিয়তে মন কি বাতৰ শ্ৰোতাৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি কৰা হৈছে। শ্ৰী মুৰুগানে কয়, যে তৃণমূল পৰ্যায়ত সফলতা লাভ কৰা ব্যক্তিসকলক তুলি ধৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণৰ বাবে নাগৰিকসকলক উতসাহিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানে এখন ৰাষ্ট্ৰীয় মঞ্চ হিচাপে নেতৃত্ব দিছে

অধিক পঢ়ক

সকলো চাওক