ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 24, 2025 12:08 PM | Maan ki Baat

printer

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰা বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। বিগত মাহটোত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৱে ১০০ সংখ্যক ৰকেট উৎক্ষেপণ কৰা কাৰ্যত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত ১০ বছৰত দেশে নিজৰ লগতে অন্য দেশৰো প্ৰায় ৪৬০টা উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ সংখ্যা বৃদ্ধি পোৱা বিষয়ত সন্তোষ প্রকাশ কৰে। বৰ্তমান মহাকাশ ক্ষেত্ৰখন যুৱ প্ৰজন্মৰ প্ৰিয় বিষয় হৈ পৰা কথাটোৱে শ্ৰীমোদীক আনন্দিত কৰা বুলিও তেওঁ উল্লেখ কৰে।

শ্রীমোদীয়ে এই অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে।

প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানত উত্তৰাখণ্ডত হৈ যোৱা ৰাষ্ট্ৰীয় ক্রীড়াৰ বিষয়েও উল্লেখ কৰি কয়, যে দেশৰ এঘাৰ হাজাৰতকৈও অধিক খেলুৱৈয়ে এই ক্রীড়া সমাৰোহত অপূৰ্ব ক্রীড়া শৈলী প্ৰদৰ্শন কৰিছিল।
কালিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ লগতে দেশৰ অনুকূল পৰিৱেশ তন্ত্ৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ এই অনুষ্ঠানতে পৰীক্ষাৰ্থীসকলক মানসিক চাপ অবিহনে পৰীক্ষাত অৱতীৰ্ণ হবলৈ আহ্বান জনায়।