January 22, 2026 7:46 PM | ma-dam-ma-fi

printer

শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন

শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন বাতিল কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে। ইয়াৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰানৰ আয়োজন কৰা হ’ব। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ’বলগীয়া এই প্রতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি উদযাপন সমিতিয়ে প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।