সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰপৰ্যন্ত স্থগিত ৰখা হৈছে। ৰাজ্যসভাত আজি দেশত ৰে’ল দুর্ঘটনা ৯০ শতাংশ হ্ৰাস পাইছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ২০০৪ৰ পৰা ২০১৪ চনলৈ দেশৰ এহেজাৰ ৭১১টা ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ৩১টালৈ আৰু ২০২৫-২৬ বৰ্ষত ১১টালৈ হ্ৰাস পাইছে। ৰাজ্যসভাত আজি এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তা ৰে’ল বিভাগে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সংবেদনশীল হিচাপে চিহ্নিত অঞ্চলত ৰে’ল কৰ্মী, ৰে’লৱে সুৰক্ষা বল, জি আৰ পি আৰু আৰক্ষীয়ে যুটীয়াভাৱে তহল দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে ডাঠ কুঁৱলী পৰা অঞ্চলত ইয়াৰ পৰা সুৰক্ষিত হ’বলৈ জি পি এছ আধাৰিত যন্ত্ৰৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে লেভেল ক্ৰছিং গেটৰ সুৰক্ষাৰ বাবে এতিয়ালৈকে ১০ হাজাৰ গেটত ইণ্টাৰলকিঙৰ সুবিধা প্ৰদান কৰা হৈছে ।
Site Admin | December 12, 2025 8:25 PM | ls rs today
সংসদৰ উভয় সদনৰ কাম-কাজ সোমবাৰ পৰ্যন্ত স্থগিত