মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা শক্তিশালীকৰণৰ উদ্দেশ্যে এখন বৈঠকত অংশ লয়। ৰাজ্য চৰকাৰে এই বৈঠকৰ জৰিয়তে লাচিত বৰফুকন আৰক্ষী একাডেমীত ৫ হাজাৰ নতুন নিযুক্তক প্রশিক্ষণ প্ৰদান কৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা ব্যবস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
মুখ্যমন্ত্রী ড০ শর্মাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, অশোক সিংহলকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত লোকসেৱা ভৱনত আন এখন বৈঠকত অংশ লয়। এই বৈঠকত শিক্ষা বিভাগ সম্বন্ধীয় বিষয় পর্যালোচনা কৰা হয়। বৈঠকত ২০২৫-২৬ বৰ্ষৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল সন্দৰ্ভত আলোচনা কৰা হয়। চাহ বাগিচা, আদর্শ বিদ্যালয়সমূহৰ উদ্বোধনকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয়ক লৈ বৈঠকত পর্যালোচনা কৰা হয়। মুখ্যমন্ত্রী ড০ শর্মাই ২০২৫-২৬ বৰ্ষৰ নিযুত মইনা আঁচনিখন চলিত মাহতে গুৱাহাটীত এটি কেন্দ্রীয় অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰাৰ বাবে যাৱতীয় ব্যবস্থা গ্রহণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ প্রদান কৰে। এই বৈঠকতে মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল অক্টোবৰ মাহতে ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। ড০ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্রীসকলক স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদান কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
 
									 
		 
									 
									 
									 
									