ডাউনলোড
মোবাইল এপ

android apple
signal

March 25, 2025 8:35 PM | Loksabha

printer

লোকসভাত আজি বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে বইলাৰ অৰ্থাৎ বাষ্পিকৰণ পাত্ৰ বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে বইলাৰ যন্ত্ৰসমূহৰ নিয়ন্ত্ৰণ, বইলাৰ যন্ত্ৰৰ বিস্ফোৰণৰ পৰা ধন-জনৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখনত সমগ্ৰ দেশত বইলাৰৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ পঞ্জীয়ন আৰু নিৰীক্ষণৰ বাবে একেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডকে ধৰি বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা সকলো ক্ষেত্ৰ এই বিধেয়কখনৰ পৰা উপকৃত হ’ব। বিধেয়কখনত বইলাৰ যন্ত্ৰ ব্যৱহাৰ কৰা ব্যক্তিসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৭ টা অপৰাধৰ ভিতৰত ধন জন ক্ষতিৰ আশংকা থকা ৪ টা বৃহৎ অপৰাধৰ বাবে শাস্তি প্ৰদানৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ুছ গোৱেলে আজি বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাই যোৱা ডিচেম্বৰত বিধেয়কখন ইতিমধ্যে গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক