লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কৰ লক্ষ্য হৈছে- পাণ মচলা আৰু ধপাতৰ পৰা উৎপাদিত সামগ্ৰীৰ ওপৰত আৰোপ কৰা উপকৰৰ পৰা আহৰণ কৰা ধন জনস্বাস্থ্য আৰু ৰাষ্টীয় নিৰাপত্তাৰ বাবে ব্যয় কৰা। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে এই বিধেয়ক সন্দৰ্ভত কয়, যে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক সামগ্ৰীৰ ব্যৱহাৰ চৰকাৰে হ্ৰাস কৰিব বিচাৰে। জনস্বাস্থ্য ৰাজ্যিক বিষয় হোৱাৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা কেন্দ্ৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। শ্রীমতী সীতাৰমণে লগতে কয়, যে প্রত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা বাহিনীৰ আধুনিকীকৰণৰ বাবে অধিক সম্পদ সংগ্রহতো এই উপকৰ ব্যৱস্থা সহায়ক হব।
Site Admin | December 5, 2025 8:06 PM | Loksabha
লোকসভাত আজি স্বাস্থ্য সুৰক্ষাৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা উপ কৰ বিধেয়ক ২০২৫ গৃহীত