ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক আদালতৰ জৰিয়তে বিচৰাধীন ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে জিলাখনত অমীমাংসিত ৬৬৫ টা গোচৰৰ ভিতৰত ২০১ টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু বেংক ঋণৰ ১৩৪ টা গোচৰ মীমাংসা কৰা হয়। জিলাখনৰ লোক আদালতৰ জৰিয়তে ২৯ লাখ ২৯ হাজাৰ ৬৯১ কোটি টকা সংগ্ৰহ কৰা হৈছে বুলি জিলা আৰু চেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই প্ৰকাশ কৰিছে।
বিশ্বনাথ জিলাতো আজি জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত জিলাখনৰ ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই আদালতত আপোচযোগ্য, বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী গোচৰ, চেক বাউঞ্চকে ধৰি ভালেমান গোচৰ নিষ্পত্তি কৰা হয়। এই আদালতত মুঠ এহেজাৰ ৫৩৮ টা গোচৰ নিষ্পত্তি কৰা হ‘ব। ইয়াৰ ভিতৰত বেংক ঋণ আদায়ৰ সৰ্বাধিক ৭৮১ টা গোচৰ আৰু বিদ্যুৎ মাছুল সম্পৰ্কীয় ৬৯৫ টা গোচৰ আছে।