দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত ১ হেজাৰ ২৮৮টা অমীমাংসিত গোচৰৰ ভিতৰত ৬৭১টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ লিমিটেডৰ পৰা সৰ্বাধিক ৫৫২ গোচৰ মীমাংসা কৰা হৈছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে এক কোটি ৪ লাখ ২২ হাজাৰ ৯৯২ টকা সংৰক্ষণ কৰা হৈছে বুলি এখন সংবাদ মেলত জিলা আইন সেৱা প্ৰাধিকাৰী উচ্চবৰ্ণৰ সহায়কে জানিবলৈ দিয়ে।
পশ্চিম কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় প্ৰাংগণতো আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ২০১৯ চনত প্ৰতিষ্ঠা কৰা এই মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আজি পঞ্চমটো লোক আদালত অনুষ্ঠিত হয়। এই আদালতত ৫৫০ টা গোচৰৰ নিষ্পত্তিৰ বাবে জাননি প্ৰেৰণ কৰা হয় যদিও ৪৪ শতাংশ গোচৰৰ বিবাদে নিষ্পত্তি কৰা হয়। এই লোক আদালতত যান-বাহন সম্বন্ধীয় গোচৰ, বৈবাহিক সম্বন্ধীয় গোচৰ, বেংক ঋণ সম্বন্ধীয় গোচৰসমূহ সুন্দৰকৈ নিষ্পত্তি হোৱা বুলি জানিবলৈ পোৱা গৈছে।
বৰপেটা জিলাত আজি অনুষ্ঠিত লোক আদালতত বিভিন্ন বিষয়ৰ ৮৭২ টা গোচৰ নিষ্পত্তি কৰা হয় ৷ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা মুঠ গোচৰৰ সংখ্যা আছিল ৮হাজাৰ ২০১টা। আজি নিষ্পত্তি হোৱা গোচৰবোৰৰ জৰিয়তে ২ কোটি ৫০ লাখ ৬১ হাজাৰ ৭৬৩ টকা জৰিমনাসহ অন্যান্য শিতানত ধন আদায় কৰা হয় ৷