লোকসভাত কালি বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক ২০২৫ উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বিধেয়কখন লোকসভাত উত্থাপন কৰে। অৱশ্যে বিৰোধী দলৰ সদস্যসকলে এই বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰে ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে কার্য উপদেষ্টা সমিতিৰ বৈঠকত কেইবাগৰাকীও সাংসদে বিধেয়কখনৰ সন্দৰ্ভত ব্যাপক বিচাৰ বিবেচনাৰ ক্ষেত্ৰত জোৰ দিছিল। তেওঁ কয় যে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰে এই বিধেয়ক পৰৱৰ্তী পৰ্যায়ত ব্যাপক পুনৰীক্ষণৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিছে। বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়কৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ সৱলীকৰণ আৰু অন্যান্য উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ শিক্ষণ, শিকন, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক সফল কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিধেয়কখনৰ জৰিয়তে এখন বিকশিত ভাৰত শিক্ষা অধিষ্ঠান গঢ়ি তুলিবলৈ বিচৰা হৈছে, যাৰ জৰিয়তে বিশ্ববিদ্যালয় আৰু এই উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক স্বাধীনচিতীয়া আৰু স্বপৰিচালিত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ’ব।
Site Admin | December 16, 2025 12:27 PM | Lok Sabha refers bill aimed at empowering higher educational institutions to JPC
লোকসভাত উত্থাপিত বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক-২০২৫ পুনৰীক্ষণৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ