ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১২৭ গৰাকীৰ প্রার্থিত্ব, আজি কেইবাখনো জনসভাত অংশ ল’ব জে পি নাড্ডাই

মধ্যপ্ৰদেশত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ১২৭ গৰাকী প্ৰাৰ্থীয়ে প্রার্থিত্ব আগবঢ়াইছে। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ কালি অন্তিম দিনা ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি মধ্যপ্ৰদেশৰ টিকমগড়, ৰেৱা আৰু চাতনা জিলা ভ্ৰমণ কৰিব। শ্রী নাড্ডাই কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মধ্যপ্ৰদেশৰ নিৰ্বাচনী সভাত ভাগ ল’ব। ইফালে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জিতু পাটোৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱ আৰু ৰাজ্যসভাৰ সাংসদ বিবেক তাংখাই ৰেইজেন আৰু নমদাপুৰ জিলাৰ বিভিন্ন স্থানত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। মধ্যপ্রদেশত অহা ২৬ এপ্রিলত দ্বিতীয় পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব। এইবাৰৰ নিৰ্বাচনত মুঠ ১১ লাখ ৬২ হাজাৰ জন ভোটাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব।