ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব৷ এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে’ত ভোটগ্রহণ কৰা হ’ব। ইফালে, লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। এই পৰ্যায়ৰ বাবে ৩ মে’ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।