ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন, হায়দৰাবাদত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী ভাষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রীমোদীয়ে কয় যে, বিজেপিয়ে বিগত ১০ বছৰত ভালেমান সমস্যা সমাধান কৰাৰ নিদৰ্শন আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পূৰ্বৰ কাৰ্যকালসমূহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ইতিহাস আছে। তেওঁ লগতে জনসাধাৰণক ভোটদানৰ বাবে দল বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। ভাষণ প্রসংগত শ্রীমোদীয়ে অহা ৪ জুনত দেশ বিজয়ী হ’ব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, যিসকলে তিনি তালাক প্ৰথাৰ বিৰোধিতা কৰিলে সেইসকল জয় হোৱা উচিত আৰু যিসকলে ৩৭০ নম্বৰ অনুচ্ছেদৰ প্ৰত্যাহাৰৰ বিৰোধিতা কৰিছে তেওঁলোক পৰাজিত হোৱা উচিত। তেওঁ কয় যে, ভাৰত মহাকাশ অৰ্থনীতিৰ দৰে সকলো ক্ষেত্ৰতে শক্তিশালী হৈ উঠিছে আৰু এয়াই মোদীৰ প্ৰদৰ্শনত নিদর্শন। কংগ্ৰেছ ক্ষমতালৈ আহিলে সন্ত্ৰাসবাদ পুনৰ মূৰ দাঙি উঠিব আৰু দলটোৱে জাতি-ধৰ্ম-অঞ্চলৰ নামত দেশক বিভাজিত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। ইপিনে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই কালি তেলেংগানাৰ নাকৰেকলত প্ৰচাৰ চলায়। নেতাগৰাকীয় ভোট বিচৰাৰ সময়ত নিজৰ সাফল্য আৰু ইস্তাহাৰৰ বিষয়ে উল্লেখ নকৰা বাবে বিজেপিক তীব্ৰ সমালোচনা কৰে। বি আৰ এছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে কালি বিয়লি চিৰচিলাত এটা ৰোড শ্ব’ত ভাগ লয় আৰু ছিদ্দিপেটত এখন নির্বাচনী সভা সম্বোধন কৰে।

ইফালে, কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ঝাৰখণ্ডৰ খুমতিৰ কচহৰিত দলীয় প্রার্থী তথা কেবিনেট মন্ত্রী অর্জুন মুণ্ডাৰ হকে প্ৰচাৰ চলায়। আই এন ডি আই মিত্ৰজোঁটক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয় যে, সুবিধাবাদী মিত্রজোঁটটোৱে জনজাতীয় লোকৰ বাবে একোৱেই কৰা নাই। তেওঁ কয় যে, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ঝাৰখণ্ড গঠন কৰিছিল আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি ঝাৰখণ্ডৰ ডুমকাত দলীয় প্রার্থী সীতা চোৰেনৰ হকে প্ৰচাৰত ভাগ লয়। তেওঁ লগতে গোড্ডাত বিজেপি প্রার্থী নিশিকান্ত ডুবেৰ হৈ এটা ৰোড শ্ব’টো অংশ লয়। এই উপলক্ষে দিয়া ভাষণত শ্রীসিঙে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। উত্তৰ প্ৰদেশতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কালি কন্নৌজ আৰু কাণপুৰত যুটীয়াভাৱে দুখন নির্বাচনী সভাক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে খেতিয়কসকলে দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙেও আই এন ডি আই মিত্ৰজোঁটৰ হকে নির্বাচনী সভাত ভাষণ দিয়ে। পাছত ৰাহুল গান্ধীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত সংবিধান সন্মিলনক সম্বোধন কৰে।

আনহাতে প্রিয়ংকা গান্ধীয়ে কালি আমেথি সমষ্টিত প্ৰচাৰ চলায়। তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, ১০ বছৰ ধৰি দেশত শাসন কৰা সত্ত্বেও দলটোৱে ক’ব পৰাকৈ কোনো বিশেষ কাম কৰা নাই। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে কালি গোৰখপুৰ আৰু বাহৰেইচত নির্বাচনী সভাত ভাগ লয়। তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচন উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত বাছনি কৰাৰ নির্বাচন। ইপিনে, বহুজন সমাজপাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কালি কাণপুৰত কেইবাখনো নির্বাচনী সভাক সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।