ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লখিমপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত লখিমপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব। জিলাখনৰ ন্যায়িক আদালত আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ চৌহদত এই লোক আদালত অনুষ্ঠিত হ’ব। এই লোক আদালতত ভূমি অধিগ্রহণ গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ, বিদ্যুৎ, পানীৰ মাছুল সংক্রান্তীয় গোচৰ, দুৰ্ঘটনা, গ্রাহক পৰিক্ৰমা গোচৰকে ধৰি বিভিন্ন গোচৰৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জনসাধাৰণক এই লোক আদালতৰ জৰিয়তে গোচৰ নিষ্পত্তি কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।