ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 1, 2024 6:56 PM

printer

অসমত তিনিটা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা

ৰাজ্যত তিনিটা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নির্বাচন অনুষ্ঠিত সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে ১৪টা লোকসভা সমষ্টিত এই নির্দেশনা প্রযোজ্য হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচৰ বাবে অহা ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্রশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ৭ মে’ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।