চিৰাঙত পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান

চিৰাঙৰ বিজনী মহাবিদ্যালয়ত কালি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ চতুৰ্থ মৃত্যুবার্ষিকী আৰু নৃত্য-শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণি সু-সংগঠক বঁটা প্ৰদান অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন কৰা হয়। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্রী মিনতি শ‍ইকীয়া আৰু অবিভক্ত শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰুমা দেৱীলৈ ২০২৪ বৰ্ষৰ সু-সংগঠক বঁটা প্ৰদান কৰে। অনুষ্ঠানত প্রাক্তন সাংসদ তথা অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে লেখিকা সমাৰোহৰ মুখপাত্র লেখিকা উন্মোচন কৰে। লগতে আই দুলানী স্মৃতিগ্ৰন্থ আৰু কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।