ডাউনলোড
মোবাইল এপ

android apple
signal

August 25, 2025 9:32 PM | lebanan israel

printer

উগ্রপন্থী সংগঠন হিজবুল্লাক নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰৰ সিদ্ধান্তক ইজৰাইলৰ আদৰণি

উগ্রপন্থী সংগঠন হিজবুল্লাক এইবছৰৰ শেষৰ ফাললৈ নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰে লোৱা সিদ্ধান্তক ইজৰাইলে আদৰণি জনাইছে। ইজৰাইলী প্রধানমন্ত্ৰী নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই সম্পৰ্কীয় প্ৰস্তাৱ মৰ্মে দেশখনৰ সেনা বাহিনীক জড়িত কৰিবলৈ লেবাননৰ প্ৰধানমন্ত্রী নাৱাফ চালামে কৰা ঘোষণাক ইজৰাইলে সমৰ্থন কৰে। বিবৃতিটোত হিজবুল্লাৰ পৰা অস্ত্ৰ আঁতৰোৱাৰ সিদ্ধান্তই লেবাননক ইয়াৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্ব বহিঃপ্ৰভাৱৰ পৰা মুক্ত কৰিব বুলি আস্থা প্ৰকাশ কৰা হৈছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি ইজৰাইলে লেবাননৰ এই প্ৰচেষ্টাৰ প্ৰতি ইজৰাইলে যথোপযুক্ত সঁহাৰি জনাব বুলি প্ৰকাশ কৰিছে আৰু লেবাননত থকা ইজৰাইলী সৈনিকৰ সংখ্যা হ্রাস কৰাৰ বাবে দেশখন অগ্ৰসৰ হৈছে। উল্লেখযোগ্য যে লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ ফলত ব্যাপক ক্ষয়-ক্ষতিৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই লেবানন চৰকাৰৰ ওপৰত হিজবুল্লাৰ নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত প্ৰৱল হেঁচা প্রয়োগ কৰে। পশ্চিম এছিয়াৰ অন্যতম শক্তিশালী উগ্ৰপন্থী সংগঠন হিজবুল্লাই তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ হ্ৰাসৰ যিকোনো প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰি আছে যদিও ইজৰাইলী চৰকাৰৰ শেহতীয়া বিবৃতিটোৱে পশ্চিম এছিয়াৰ সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰা হৈছে।