ডাউনলোড
মোবাইল এপ

android apple
signal

July 7, 2025 7:00 PM | landslide

printer

ভূমিস্খলনৰ ফলত লামডিং-বদৰপুৰৰ ৰে’লপথৰ কেইবাখনো ৰে’ল বাতিল

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰ ৰে’ল লাইনৰ মুপা-দিহাখো ষ্টেচনৰ মাজত আজি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ ফলত কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। ভূমিস্খলনৰ বাবে আজি পুৱা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী ৰে’লখন পুনৰ গুৱাহাটীলৈ ঘূৰাই অনাৰ লগতে শিলচৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লখনো বদৰপুৰৰ পৰাই ঘূৰাই নিয়া হয়। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে পাহাৰৰ পৰা শিল আৰু মাটি খহি আহি ৰে’ল পথছোৱা বন্ধ হৈ পৰাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছখন ৰে’ল আংশিকভাৱে বাতিল, আঠখন ৰে’ল সম্পূৰ্ণৰূপে বাতিল, তিনিখন ৰে’লৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে চাৰিখন ৰে’ল নিয়ন্ত্ৰিত কৰা হৈছে। বাতিল কৰা ৰে’লসমূহৰ ভিতৰত গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, ৰঙিয়া- শিলচৰ এক্সপ্ৰেছ, শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, গুৱাহাটী-দুৰ্লভচৰা এক্সপ্ৰেছ, শিলচৰ-নাহৰলগুন এক্সপ্ৰেছ, দুর্লভচৰা-গুৱাহাটী এক্সপ্ৰেছ আৰু নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ আছে। লামডিং-বদৰপুৰ ৰে’লপথত তৃতীয়বাৰৰ বাবে হোৱা ভূমিস্খলনত এই ৰে’লপথ বন্ধ হোৱাত যাত্ৰীসকলে দুর্ভোগ ভুগিবলগীয়া হৈছে। যাত্ৰীসকলৰ সুবিধার্থে গুৱাহাটী, লামডিং, শিলচৰ, বদৰপুৰ আৰু আগৰতলা ষ্টেচনত হেল্প ডেক্স মুকলি কৰাৰ লগতে আবদ্ধ যাত্ৰীসকলৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ২৩ জুনত জাতিংগা- লামপুৰ আৰু নিউ হাফলঙৰ মাজত হোৱা ভূমিস্খলনৰ বাবে এই অংশত ছদিনৰ বাবে ৰে’লসেৱা বন্ধ হৈ আছিল। ৩০ জুনত পুনৰ ৰে’লসেৱা আৰম্ভ হয় যদিও যোৱা ৩ জুলাইত পুনৰ মুপাৰ সমীপত ভূমিস্খলন হোৱাত ৰে’লসেৱা ব্যাহত হৈ পৰে। পৰহি মাইবং-দাওতুহাজা আৰু মুপা-দিহাখোৰ মাজত ৰে’ল পথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ পাছত কালি পুনৰ ৰে’লসেৱা আৰম্ভ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।