মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰিছে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। চেক বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ১০ হাজাৰ টকাৰ চেক বিতৰণৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ চৰকাৰে দিয়া এই ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান জনায়। ড° শৰ্মাই কয়, যে যিসকল মহিলাই এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন স্বাৱলম্বিতাৰ ক্ষেত্ৰত খৰচ নকৰি আন কিবা শিতানত খৰচ কৰে, সেইসকল মহিলাক এই আঁচনিৰ পৰৱৰ্তী কিস্তিৰ পৰা আঁতৰত ৰখা হ’ব। উদ্যমিতা আঁচনিৰ তৃতীয় কিস্তিত ৫০ হাজাৰ টকা পৰ্যন্ত দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, যে ৩৫ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়াৰ বাবদ চৰকাৰৰ ৩ হাজাৰ ২০০ কোটি টকা ব্যয় হ’ব। মহিলাসকলক অধিকাৰ দিয়া আৰু তেওঁলোকৰ জৰিয়তে সমাজক শক্তিশালী কৰি গঢ়ি তোলাই এই আঁচনিৰ লক্ষ্য বুলি ড° শৰ্মাই উল্লেখ কৰে।
Site Admin | December 16, 2025 1:31 PM | MMMU CM Lamding
লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ