ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 6, 2025 12:28 PM | Lakshmi Puja

printer

ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজাৰ আয়োজন

ঐশ্বর্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত ধন আৰু সৌভাগ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কৰা হ’ব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰান্তে প্রান্তে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ ভিন্ন স্থানৰ দেৱালয়, মন্দিৰ আৰু ৰাজহুৱা পূজা মণ্ডপত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিলাসীপাৰাৰ ৰোকাখাটা সাৰ্বজনীন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত কৰা হৈছে। লক্ষ্মী পূজা উপলক্ষে জিলাখনত কেইবাখনো মেলাও অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাতো আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। জিলাখনৰ বৰদামাতল-বৰজুৰি লক্ষ্মী মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন স্থানৰ লগতে শিলচৰতো লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কেইবাটাও স্থানত ৰাজহুৱাভাৱে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনত অঞ্চলি আঞ্চলিক শ্রীশ্রী লক্ষ্মীপূজা উদযাপন সমিতিয়ে এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৩৯ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰিছে। একেদৰে ভুলুকামুৰী আঞ্চলিক লক্ষ্মী পূজা সমিতিৰ উদ্যোগত চাৰি দিনীয়া কাৰ্যসূচীৰে ২৯ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ জালাহ, বড়োবজাৰ, শালবাৰী, শিমলা, ৰূপহী আদি অঞ্চলতো বর্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত কৰা হৈছে। বজালী জিলাৰ ভোটান্ত সাদেৰীত আজিৰে পৰা ১৪ অক্টোবৰলৈ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮০ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ভোটান্ত সাদেৰী শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ খেলপথাৰ আৰু শ্বহীদ ৰাউটা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্রসিদ্ধ শ্রীশ্রীলক্ষ্মী পূজা আৰু মেলা মহোৎসৱ আজিৰে পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পূজা কমিটীয়ে ৭ অক্টোবৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি পুৱা পূজা কমিটীৰ সভাপতি ধনঞ্জয় ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়ালৈ মেলা মহোৎসৱখনিৰ শুভাৰম্ভ কৰিব ।