প্রকৃত উন্নয়নে আন্তঃগাঁথনিগত প্রগতিকে নহয়, বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায়ঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

প্রকৃত উন্নয়নে আন্তঃগাঁথনিগত প্রগতিকে নহয়, বৰং ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰকো সূচায় বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলা ভ্রমণকালত আজি পদ্মশ্ৰী সন্মানপ্রাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্রামীসকলৰ সৈতে হোৱা মত বিনিময়ত ৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে উন্নয়নৰ সৈতে পৰম্পৰা, ভাষা আৰু সংস্কৃতিক বৰ্তাই ৰাখিলেহে প্ৰকৃত আৰু অৰ্থৱহ প্ৰগতি সম্ভৱপৰ হৈ উঠে। পাছত ৰাজ্যপালগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য আৰু পৰিষদৰ মুখ্য অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে তেওঁলোকক অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে সমূহীয়া প্ৰচেষ্টাত গুৰুত্ব আৰোপৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী আচাৰ্য্যই কয়, যে সকলোৱে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ অন্যতম ৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা উচিত। ৰাজ্যপাল গৰাকীয়ে আন এখন বৈঠকত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত এলেকাসমূহত ৰূপায়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উদ্যমৰ স্থিতিৰ বুজ লয়।Lakshman Prasad Acharya

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।