বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীতশিল্পী ড০ লক্ষহীৰা দাসৰ বিয়োগ

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীতশিল্পী ড০ লক্ষহীৰা দাসৰ আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত শিল্পীগৰাকীৰ ভালেসংখ্যক গুণমুগ্ধৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যও উপস্থিত থাকে। শ্মশানলৈ নিয়াৰ পূর্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী হিচাপে স্বীকৃতিপ্রাপ্ত ড° লক্ষহীৰা দাসৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হয়। কেন্দ্ৰটোৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে বিষয়া-কৰ্মচাৰীসকলে শিল্পীগৰাকীক শ্রদ্ধা জ্ঞাপন কৰে। লক্ষহীৰা দাসক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি আকাশবাণী কেন্দ্ৰত কণ্ঠশিল্পী মনীষা হাজৰিকা, মালবিকা বৰা, শান্তা উজীৰ আৰু অভিনেত্ৰী ৰুণু দেৱীও উপস্থিত থাকে।