ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 15, 2025 1:13 PM | lakhimpur college

printer

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক আলোচনা-সত্ৰ

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কালি সেউজ মিত্র ফাউণ্ডেছনৰ উদ্যোগত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শ‍ইকীয়া আৰু লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকা সমল ব্যক্তি ৰূপে উপস্থিত থাকে। বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি উৎসর্গিত সেউজ মিত্ৰ ফাউণ্ডেছনে লখিমপুৰ জিলাখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। কালিৰ অনুষ্ঠানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকা, শাৰদী শ‍ইকীয়া, দিকপল লাহন, সুকুমাৰ পায়েং আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।