লাডাখত আবদ্ধ পৰ্যটকসকলক বিনামূলীয়া থকা-খোৱাৰ সুবিধা প্ৰদান

সিন্দূৰ অভিযানৰ পাছত লেহ বিমানবন্দৰ বন্ধ কৰি দিয়াৰ বাবে লাডাখত আবদ্ধ হৈ পৰা পৰ্যটকসকলক সৌহার্দ্যৰ চিন স্বৰূপে বিনামূলীয়া থকা-খোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। হোটেল অথবা গেষ্ট হাউছৰ পৰা গন্তব্য স্থানলৈ বুলি ওলাই আহি লেহত আবদ্ধ হৈ পৰা পৰ্যটকসকলে আতিথ্য উদ্যোগে আগবঢ়োৱা এই সুবিধা গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে, সিন্দূৰ অভিযানৰ পৰিপ্ৰেক্ষিতত লেহ খণ্ডলৈ বিমান সেৱা বাতিল কৰাৰ ফলত লাডাখত ভালেসংখ্যক পর্যটক আবদ্ধ হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।