ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছেঃ ড০ এল মুৰুগন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগনে আজি গুৱাহাটীত প্ৰকাশ কৰে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰীয়ে অঞ্চলটোৰ উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে। আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী কাৰ্যালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই তেওঁক আদৰণি জনায়। গুৱাহাটীৰ পৰা চিৰাঙলৈ গৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে এখন বৈঠকত মিলিত হ’ব। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ আৰু বিধায়কসকলৰ সৈতে আন এখন বৈঠকত মিলিত হ’ব। ড০ মুৰুগনে কাইলৈ চিৰাং জিলাৰ অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। মন্ত্ৰীগৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটীত থকা কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। তেওঁ লগতে হিন্দুস্তান পেট্রলিয়াম ক’পৰেচন লিমিটেডৰ তৈল ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰি বিয়লি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফুলৈ ৰাওনা হ’ব ।

অধিক পঢ়ক

সকলো চাওক